Moinakon Bakhor Lyrics | New Assamese Song By Subasana Dutta

Singer: Subasana Dutta
Lyrics/tune: Chinmoy Kaushik & Joy Nirvan
Music: Palash Gogoi
Mix & Mastered: Diganta Bordoloi
Recorded by Udipto at Studio Zero DB

Official video

Moinakon Bakhor Lyrics

দেওঁলগা খালতে মাগুৰ মাছ লাগিলে
লগাওতে লাঙী জাল
যৌৱনৰ কালতে চেনাইয়ে ঠেহ পাতিলে
পাওঁতেই অকন ভাল

দেওঁলগা খালতে মাগুৰ মাছ লাগিলে
লগাওতে লাঙী জাল
যৌৱনৰ কালতে চেনাইয়ে ঠেহ পাতিলে
পাওঁতেই অকন ভাল

ছটফটাই থাকোং যেন
তোৰ লগত যিহে প্ৰেম
প্ৰেম পিৰিতি জাঁজী নৈ
শুন হেৰ' মইনাজান
তোৰ স'তে থকাই টান
কটাও ৰাতি দিন কেনেকৈ
তোৰ কেটেৰা মাতে
খুন্দা মাৰি একেচাটে
ঘুনীয়া কৰেহি মোৰ বুকু
খঙত ফেপেৰি পাত
মাতিলেও নেমাত
নোৱাৰো ধৰিবলে একো

ছটফটাই থাকোং যেন
তোৰ লগত যিহে প্ৰেম
প্ৰেম পিৰিতি জাঁজী নৈ
শুন হেৰ' মইনাজান
তোৰ স'তে থকাই টান
কটাও ৰাতি দিন কেনেকৈ

মইনাকন বাখৰ ৰৈ যা
বুকুতে বান্ধি লৈ যা
তোৰ মৰমতেই জীও নেলাগে ভোকৰ ভাত
তইয়ে মোৰ সোণ মই তোৰ জান
কথাই প্ৰতি অভিমান
নৈ বৈ যাব চকুলোৰ নিদিলে মুখৰ মাত
ঐ চেং কোমলকৈ
এই কলিজাতে
বিৰহ বেদনাই মেলা খনি পাতে

তোৰ কেটেৰা মাতে
খুন্দা মাৰি একেচাটে
ঘুনীয়া কৰেহি মোৰ বুকু
খঙত ফেপেৰি পাত
মাতিলেও নেমাত
নোৱাৰো ধৰিবলে একো

দেওঁলগা খালতে মাগুৰ মাছ লাগিলে
লগাওতে লাঙী জাল
যৌৱনৰ কালতে চেনাইয়ে ঠেহ পাতিলে
পাওঁতেই অকন ভাল

দেওঁলগা খালতে মাগুৰ মাছ লাগিলে 
লগাওতে লাঙী জাল
যৌৱনৰ কালতে চেনাইয়ে ঠেহ পাতিলে 
পাওঁতেই অকন ভাল

এযোৰা শালিকা দেখিলে 
মোলৈ মনতে পৰিলে 
ইনাই বিনাই মাতিলেও 
মই ওলটি নেচাঁও বেং
চিন্তা ভাৱনাই খুটিব 
ফুটা কপালো ফুটিব
মই নহ'লে তোৰ সোণ
জীৱন টো কিবা জেং
ঐ চেং কোমলকৈ
এই কলিজাতে
বিৰহ বেদনাই মেলা খনি পাতে
তোৰ কেটেৰা মাতে
খুন্দা মাৰি একেচাটে
ঘুনীয়া কৰেহি মোৰ বুকু
খঙত ফেপেৰি পাত
মাতিলেও নেমাত
নোৱাৰো ধৰিবলে একো
নোৱাৰো ধৰিবলে একো

0/Post a Comment/Comments